• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ১৪ ডিচেম্বৰ: মানৱ ইতিহাসৰ এক দুঃসাহসিক অভিযান, ১৯১১ চনত দক্ষিণ মেৰুত উপনীত হৈছিল প্ৰথম মানৱ
National

ইতিহাসৰ পৃষ্ঠাত ১৪ ডিচেম্বৰ: মানৱ ইতিহাসৰ এক দুঃসাহসিক অভিযান, ১৯১১ চনত দক্ষিণ মেৰুত উপনীত হৈছিল প্ৰথম মানৱ

CliQ INDIA
Last updated: December 13, 2025 6:45 pm
CliQ INDIA
Share
4 Min Read
SHARE

১৪ ডিচেম্বৰ তাৰিখটো ইতিহাসত সেই মুহূৰ্ত হিচাপে লিপিবদ্ধ কৰা হৈছে যেতিয়া মানুহে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ দক্ষিণ মেৰুত ভৰি দিছিল। এই কৃতিত্ব ১৯১১ চনৰ ১৪ ডিচেম্বৰত সম্পন্ন কৰিছিল মহান নৰৱেৰ অভিযাত্ৰী ৰ’ল্ড আমুণ্ডচেনে।

১৯১০ চনৰ জুন মাহত আমুণ্ডচেনে নিজৰ দলৰ সৈতে এন্টাৰ্কটিকালৈ এক কঠিন আৰু বিপজ্জনক যাত্ৰা আৰম্ভ কৰে।প্ৰায় ডেৰ বছৰ ধৰি তুষাৰপাত, ঠাণ্ডা, সীমিত সম্পদ আৰু অনিশ্চিত পৰিস্থিতিৰ সৈতে যুঁজি তেওঁৰ দলটোৱে এনে এটা পৰ্যায়ত উপনীত হয় যিটো কোনো মানুহে কেতিয়াও পোৱা নাছিল।

দক্ষিণ মেৰুত উপনীত হোৱাটো সেই সময়ত কেৱল ভৌগোলিক কৃতিত্ব নাছিল, বৰঞ্চ ই মানুহৰ সাহস, কৌতুহল আৰু দৃঢ়তাৰ আটাইতকৈ ডাঙৰ প্ৰতীক হৈ পৰিছিল। আমুণ্ডচেনৰ এই সফলতাই মেৰু অন্বেষণৰ ইতিহাসত এক সোণালী অধ্যায় ৰচনা কৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অন্বেষকৰ ভিতৰত স্থান লাভ কৰে।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৬৮৭ – ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাজ (ভাৰত)ত পৌৰ নিগম প্ৰতিষ্ঠা কৰে।

১৯১১ – ৰ’ল্ড আমুণ্ডচেনে দক্ষিণ মেৰুত উপনীত হয় আৰু এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।

১৯২১ – এনি বেছাণ্টক বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ অৱ লেটাৰছ ডিগ্ৰী প্ৰদান কৰা হয়।

১৯৪৬ – ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ সভাপতি নিৰ্বাচিত হয়।

১৯৭২ – আমেৰিকাৰ চন্দ্ৰ অন্বেষণ অভিযানৰ অন্ত পেলায়, ১৯৭২ চনত আমেৰিকাই চন্দ্ৰলৈ প্ৰেৰণ কৰা প্ৰথমখন মানৱবাহী মহাকাশযান এপ’ল’ ১৭ উভতি আহে।

১৯৮২ – ব্ৰিটিছ উপনিবেশ জিব্ৰাল্টাৰ আৰু স্পেইনৰ মাজত অৱস্থিত বিশাল গ্ৰীণ গেট ১৩ বছৰৰ পিছত পুনৰ মুকলি কৰা হয়।

১৯৮৩ – জেনেৰেল এইচ.এম. এৰশ্বাদে নিজকে বাংলাদেশৰ ৰাষ্ট্ৰপতি ঘোষণা কৰিলে।

১৯৯৫ – বছনিয়া, ছাৰ্বিয়া আৰু ক্ৰ’ৱেচিয়াৰ নেতাসকলে পেৰিছত ডেটন চুক্তি স্বাক্ষৰ কৰি সাড়ে তিনি বছৰীয়া বাল্কন যুদ্ধৰ অন্ত পেলায়।

১৯৯৭ – বিশ্বৰ সকলো দেশেই সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ সন্মত হয়।

১৯৯৮ – ২৩ সংখ্যক কায়ৰো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত আয়েছা ধৰ্কৰে তামিল ছবি টেৰ’ৰিষ্টত শ্ৰেষ্ঠ অভিনয়ৰ বাবে জুৰী বঁটা লাভ কৰে।

২০০০ – জৰ্জ ডব্লিউ বুছ আমেৰিকাৰ ৪৩ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

২০০২ – পাকিস্তানে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি অন্ধসকলৰ বাবে বিশ্বকাপ জয় কৰে।

২০০৩ – আমেৰিকাৰ মিত্ৰজোঁটৰ বাহিনীয়ে ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক টিক্ৰিটত গ্ৰেপ্তাৰ কৰে।

২০০৩ – মেক্সিকোৰ মেৰিডাত ৭৩খন দেশে প্ৰথম দুৰ্নীতি বিৰোধী চুক্তি স্বাক্ষৰ কৰে।

২০০৭ – বালি চুক্তিৰ খচৰাৰ পৰা বিতৰ্কিত বিধান আঁতৰোৱা হয়।

২০০৭ – উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত ৫০ বছৰৰ পাছত পুনৰ ৰে’ল সেৱা আৰম্ভ হয়।

২০০৮ – ২১ বছৰ অনুৰ্ধ হকী টেষ্ট শৃংখলাৰ অন্তিমখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ভাৰতে ৪-৪ গ’লত ড্ৰ’ কৰে।

২০১২ – আমেৰিকাৰ কানেকটিকাটৰ নিউটাউনত সংঘটিত গুলীচালনাত ২০ টা প্ৰাথমিক বিদ্যালয়ৰ শিশুসহ ২৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে ২০ বছৰীয়া আক্ৰমণকাৰী এডাম লাঞ্জা।

জন্ম

১৯১০ – আজিৰ দিনটোতে উপেন্দ্ৰনাথ আশ্ক – ৰচনাকাৰ, সাহিত্যিক, আৰু চুটিগল্পকাৰ।

১৯১৮ – বি কে এছ আয়েংগাৰ – বিখ্যাত ভাৰতীয় যোগ গুৰু।

১৯২৪ – ৰাজ কাপুৰ – বিখ্যাত চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, আৰু পৰিচালক।

১৯৩১ – জৌন ইলিয়া – বিখ্যাত উৰ্দু কবি।

১৯৩৪ – শ্যাম বেনেগাল – বিখ্যাত চলচ্চিত্ৰ পৰিচালক।

১৯৩৬ – বিশ্বজিৎ চেটাৰ্জী – বাংলা আৰু হিন্দী ছবিৰ বিখ্যাত অভিনেতা।

১৯৪৬ – সঞ্জয় গান্ধী – কংগ্ৰেছ নেতা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ।

১৯৫৩ – বিজয় অমৃতৰাজ – প্ৰাক্তন ভাৰতীয় টেনিছ খেলুৱৈ।

২০০০ – দীক্ষা দাগৰ – গলফাৰ।

মৃত্যু

১৭৯৯ – জৰ্জ ৱাশ্বিংটন (প্ৰথম) – আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি। তেওঁ সৰ্বসন্মতিক্ৰমে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯৬৬ – শৈলেন্দ্ৰ – সুপৰিচিত চলচ্চিত্ৰ গীতিকাৰ।

১৯৭১ – ফ্লাইং অফিচাৰ নিৰ্মলজিৎ সিং ছেখন – পৰম বীৰ চক্ৰত সজ্জিত ভাৰতীয় সৈনিক।

২০১৮ – তুলসী ৰামছে – হিন্দী চিনেমাত ভৌতিক ছবিক বিশেষ স্থান দিয়া বিখ্যাত প্ৰযোজক-পৰিচালক।

গুৰুত্বপূৰ্ণ দিন

বায়ু সুৰক্ষা দিৱস (সপ্তাহ)

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস

সৰ্বভাৰতীয় হস্তশিল্প সপ্তাহ (৮-১৪ ডিচেম্বৰ)

हिन्दुस्थान समाचार / অৰৱিন্দ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি গোৱালিয়ৰত নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব'
ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি সুৰাজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা উদ্বোধন কৰিব
প্ৰায় এঘণ্টাৰ পাছত পুনৰ ছ’চিয়েল মিডিয়া এক্স প্লেটফৰ্মৰ সেৱা বাহাল
খেলপথাৰতো অপাৰেচন সিন্দুৰ… প্ৰধানমন্ত্ৰী মোদীৰ এছিয়া কাপ জয়ৰ বাবে টিম ইণ্ডিয়াক অভিনন্দন
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ আজি ইন্দোৰত সম্প্ৰীতিৰ বাৰ্তা, কৰ্কট চিকিৎসালয় কৰিব উদ্বোধন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বাংলাদেশঃ ওছমান হাদীক গুলীওৱা জনক চিনাক্ত কৰা বুলি দাবী; হাদীৰ অৱস্থা সংকটজনক; ঢাকা-৮ৰ পৰা প্ৰাৰ্থী
Next Article হায়দৰাবাদৰ পৰা ঘৰলৈ ওভতাৰ পথতে এগৰাকী যুৱক নিৰুদ্দেশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

চিইঅ’ৰ সাদৰপুৰ গাঁও পৰিদৰ্শন, উন্নয়নমূলক কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ নিৰ্দেশ
Noida
January 15, 2026
দিল্লী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ আহ্বান: নেশামুক্ত কেম্পাছ ৰাষ্ট্ৰীয় দায়িত্ব
Noida
January 14, 2026
গ্ৰেটাৰ নয়ডা প্ৰাধিকৰণৰ চাৰি দিনীয়া আকস্মিক পানীৰ গুণমান পৰীক্ষা অভিযান সম্পন্ন, পৰিষ্কাৰ খোৱা পানীৰ নিৰন্তৰ যোগানৰ আশ্বাস
Noida
January 13, 2026
বিধানসভাৰ ফুটেজৰ আধাৰত ৰুজু হোৱা এফআইআৰক লৈ পঞ্জাব আৰক্ষী বিষয়াসকললৈ দিল্লী বিধানসভা সচিবালয়ৰ নোটিছ
National
January 12, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?